হোৱাটছ-এপ একাউন্টত উৎঘাটন সুশান্ত ৰ মৃত্যুৰ নতুন ৰহস্য

হোৱাটছ-এপ একাউন্টত উৎঘাটন সুশান্ত ৰ মৃত্যুৰ নতুন ৰহস্য :-

যোৱা ১৪ জুন ২০২০ ত । মৃত্যুৰ সময়ত প্ৰচাৰিত হৈছে যে সুশান্ত সিং ৰাছপুত ডিপ্ৰেছনত ভুগিছিল । মুম্বাই আৰক্ষীৰ তৰফৰ পৰাও জনোৱা হৈছিল যে প্ৰয়াত অভিনেতা জন মানসিক ভাৱে ভাৰাক্ৰান্ত আছিল আৰু তেওঁৰ বাসগৃহৰ পৰাও কিছু ডিপ্ৰেছনৰ ঔষধ আৰু চিকিৎসকৰ নথি পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল । কিন্তু সুশান্ত ৰ পৰিয়ালৰ পৰা জনোৱা হৈছিল যে সুশান্ত সিং যে মানসিক ৰোগৰ চিকিৎসা লৈ আছিল মৃত্যুৰ সময়লৈ পৰিয়াল বৰ্গ অৱগত নহয় ।
সুশান্তৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীয়েও এই সম্পৰ্কত ঘৰৰ মানুহক কোনো কথা জনোৱা নাছিল ।

কিন্তু বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে সুশান্তৰ ডাঙৰ বাইদেউ নীতু সিং আৰু সুশান্ত ৰ প্ৰাক্তন মেনেজাৰ তথা ৰীয়া চক্ৰৱৰ্তী ৰ বৰ্তমানৰ মেনেজাৰ শ্ৰুতি মোদীৰ মাজত হোৱা হোৱাটছ-এপ চাটৰ বার্তালাপে । এই কথা প্ৰকাশ পাইছে INDIA TODAY খবৰ কাগজত । ইণ্ডিয়া টুডে ত প্ৰকাশিত মতে ২৬ নবেম্বৰ ২০১৯ ৰ হোৱাতছ-এপ বাৰ্তালাপ এনেধৰণৰ:-
“ শ্ৰুতি দয়া কৰি মোক চিকিৎসকে দিয়া প্ৰেছক্ৰিপশন পঠাই দিয়া”।

আৰু লগতে নিতু সিঙে সুশান্তৰ চিকিৎসকৰ লগতো দেখা কৰিবলৈ সময়ৰ কথা জানিব বিচাৰিছিল ।

   ১৮ নৱেম্বৰ ২০১৯ ত আদান প্ৰদান হোৱা প্ৰেছক্ৰিপশন খনত চিকিৎসকৰ নাম স্পষ্ট নহয় যদিও প্ৰেছক্ৰিপশন খনত চাৰিবিধ ঔষধ :- 
1. সেৰতা
2. ক্লনট্ৰিল
3. অলেয়ানজ আৰু
4. কুটিপিন ৰ নাম উল্লেখ আছিল ।

     প্ৰেছক্ৰিপশন খনৰ লগতে শ্ৰুতিয়ে চুজন ওৱাকেৰ নামৰ এজন চাইকো থেৰাপিষ্ট ৰ ফোন নম্বৰো নিতু সিঙলৈ পঠাইছিল ।

     ৰহস্য জনক কথা হল সুশান্ত ৰ পৰিয়াল বৰ্গই দাখিল কৰা এজাহাৰত শ্ৰুতি মোদীকো অভিযুক্ত কৰা হৈছে ।
ইতিমধ্যে ই দি আৰু ছি বি আয়ে জেৰাও কৰিছে শ্ৰুতি মোডীক |

    ৰীয়া চক্ৰৱৰ্তী নিজৰ সাক্ষাৎকাৰত দাবী কৰিছে যে সুশান্ত সিং ৰ মা ঊষা দেৱীও এসময়ত ডিপ্ৰেছনৰ স্বীকাৰ হৈছিল । ৰিয়াই উল্লেখ কৰা মতে সুশান্ত ৰ মা ডিপ্ৰেছনত ভুগিয়েই মৃত্যু হৈছিল। 

    কিন্তু সত্য যে ২০০৬ চনত সুশান্ত দিল্লীত পঢ়ি থকা সময়ত ব্ৰেইন হিমৰেজ হৈহে মৃত্যু হৈছিল সুশান্ত ৰ মাক উষা দেৱীৰ। 
    আনহাতে সুশান্ত ৰ প্ৰাক্তন বান্ধৱী অংকিতা লেখান্দে সংবাদ মাধ্যমক জনোৱা মতে ২০০৬ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত যেতিয়ালৈ সুশান্তৰ সংগী আছিল তেওঁ কোনো দিনে সুশান্তৰ মানসিক সমস্যা দেখা নাছিল । সুশান্তৰ বহুজন প্ৰাক্তন সহকৰ্মী য়েও জনাইছে যে সুশান্ত কোনো দিনে অৱসাদগ্ৰস্ত নাছিল ।

কিন্তু সুশান্তৰ চাইকো থেৰাপিষ্ট চুজন ওৱাকে দাবি কৰা মতে সুশান্ত 
“বাইপোলাৰ দিছৰ্ডাৰ” ত ভুগিছিল । যি এক মানসিক ৰোগ বুলি সৰ্বজন বিধিত। 

এতেকে সুশান্ত ৰ মৃত্যুৰ ৰহস্য সকলো খিনি নিৰ্ভৰ কৰিছে ছি বি আই ৰ তদন্তৰ ওপৰত ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *