……এম.আমিন……
মূৰত তপত বেলিৰ সেক লৈ
তই
সেউজীয়া সপোন সিঁচা,
নাঙলৰ সিৰলুত ঘাম উতলাই
উৰ্বৰা কৰা তোৰ দেশ,
মঙহৰ নাটনিত উদং পিঠিত জিলিকে
তোৰ কামিহাড়,
বুকুৱেদি বৈ যায় এখনি ঘামৰ নৈ।
শৰীৰে বৰণ সলায়,
তামৰঙী হয় দেহ,
দুচকুত জ্বলে একুৰা আশাৰ জুই,
সপোনবোৰ পূৰঠ হয়
মূল্যৰ অভাৱত দাঁত নিকটাই পৰি ৰয়
তোৰ প্ৰাপ্ত বয়স্ক সপোন,
তুলি দিয়া হয় তোৰ মূৰত
কোটিপতি বণিয়াৰ ঋণৰ বোজা,
তোক খাবলৈ দিয়া হয়
মঙহ নোহোৱা সপোনৰ টুকুৰা।
শুনিছনে!
তোৰ নামত বিলাইছে
নিচুকনি টোপ,
দেখিছনে!
লাখটকীয়া মঞ্চত হাজাৰ টকীয়া
সাহাৰ্য্যৰ চলিছে আখৰা!
ভিতৰুৱা গাঁৱৰ কৃষক তই,
খবৰবোৰ পোৱা নাই চাগে!
ভূমিহীন কৃষকৰ উপদ্ৰৱ চলিছে,
চ্যুট-টাই পৰিহিত শ্ৰমিকৰ
সোঁত বৈছে,
অংকবোৰ দীঘলীয়া অ’
তই নুবুজিবি,
ডিঙিৰ সিৰ ফুলাই
উদাত্ত কণ্ঠেৰে তোৰে গুণ গোৱা হয়,
শীত-তাপ নিয়ন্ত্ৰিত কোঠাত
আৰম্ভ হয় ভ্ৰষ্টাচাৰ,
ৰখা হয় তোক টোপ সজাই
বছৰৰ পাছত বছৰ।
কিমান নিগৰাবি ঘাম!
কিমান শুকুৱাবি তোৰ কেঁচা মঙহ!
কিমান সহিবি আৰু
কিমান সহিবি?
স্ফুলিংগৰ দৰে জ্বলি উঠা
প্ৰাপ্য অধিকাৰ আজুৰি লোৱা,
চিপজৰীত ভ্ৰষ্টাচাৰ ওলমাই
প্ৰতিবাদী সত্বা গঢ়ি তোলা।
সলনি হ’ব তোৰ পৰিচয়
সলনি হ’ব দেশ,
সাৰ্থক হ’ব তোৰ নিষ্পেষিত সপোন
সলনি হ’ব তেজপিয়া নেতাৰ ছদ্মৱেশ।