লকডাউনৰ সময়ত “ইতিবাচক ” চিন্তাৰে 

……মনীষা শৰ্মা……

প্ৰথম ইতিবাচক চিন্তা
——————————-
মানুহৰ মন বোলা বস্তুটো হ’ল আটাইতকৈ শক্তিশালী।মনৰ লগত শৰীৰৰ এটা ডাঙৰ সম্পৰ্ক আছে যে মন ইমানেই শক্তিশালী মনে যি কয় শৰীৰেও সিটো পালন কৰে।সদায় ইতিবাচক চিন্তা থাকিব লাগে।এতিয়া বৰ্তমান সময়ত ক’ৰোনা হৈ গোটেই পৃথিৱী খনত বিপৰ্য্যয় ঘটিছে তাতও কিন্তু এটা ইতিবাচক কথা আছে।যিমান খিনি মানুহ আক্ৰান্ত হৈছে তাৰে বহু আক্ৰান্ত মানুহ আৰোগ্যও হৈছে।
পৃথিৱীৰ গোটেই বিজ্ঞানী বিলাকে ইয়াৰ এটা প্ৰতিষোধক বেজী উলিওৱাৰ চেষ্টা কৰিছে আৰু সেই বেজীটো ওলাৱ।সেয়ে আমাৰ ইতিবাচক চিন্তা হ’ল যে ক’ৰোনাই পৃথিৱীখন ধ্বংস কৰিব নোৱাৰে আৰু আমাক মানুহবোৰকো পৰাজয় কৰিব নোৱাৰে।এয়া হ’ল আমাৰ ইতিবাচক চিন্তা।অন্য ভাইৰাছৰ পৰা আমি সোনকালে মুক্ত হৈছিলোঁ এতিয়া যেনিবা দেৰি হৈছে ।তাৰ কাৰণে আমাৰ অলপ কষ্ট হ’বয়ে।সেইটো আমি গৃহবন্দী হৈ থাকি ভাবিলে ভাল।সেইফালৰ পৰা চাবলৈ গ’লে আমাৰ যিবোৰ টিভি চেনেলৰ বাতৰি ওলাইছে সেইবোৰ বাতৰিয়ে আমাক অলপ আতংকিত কৰি তোলে।কিন্তু সিমান আতংকিত হ’ব লগা নাই।আমাৰ ভাৰতবৰ্ষত এহেজাৰ ত্ৰিশ কোটি মানুহ আছে।সেইফালৰ পৰা চাবলৈ গ’লে আক্ৰান্তৰ সংখ্যা সিমানো হোৱা নাই আৰু আক্ৰান্ত হোৱা বহুখিনি মানুহ ভালো হৈছে।এতিয়ালৈকে
সংখ্যাত গণিব পৰাকৈ মৃত্যু হৈছে। মৃত্যু মানেই দুখৰ বিষয় হয় কাৰণ প্ৰতিটো মৃত্যুই প্ৰিয় জনৰ বুকু শুদা কৰে।সেয়া এক অন্য বেদনাদায়ক কথা।আমি যে গৃহবন্দী হৈ আছোঁ তাৰ এটা সুফলও আছে।সেইটো হ’ল
এটা ইতিবাচক চিন্তা।

দ্বিতীয় ইতিবাচক কথা
——————————–
গৃহবন্দী হোৱাৰ ফলত মানুহৰ পৰিয়াল বোৰত সম্প্ৰীতি বাঢ়িছে।আগে পিছে যান্ত্ৰিক যুগৰ কোৱাল সোঁতত পৰি পৰিয়ালৰ মানুহ খিনিক গোট খায় নাথাকে।কিন্তু এতিয়া পৰিয়ালৰ ল’ৰা-ছোৱালীক সময় দিব পাৰিছে।কথা বতৰা পাতি ল’ৰা ছোৱালী বোৰৰ মনটো পাইছে।সেয়া এটা ডাঙৰ কথা আৰু গৃহবন্দী হৈ থাকি আমি স্বাস্থ্যটো ভালে ৰাখিব সুবিধা পাইছো।আমি ব্যায়াম,যোগাসন কৰিব পাৰোঁ আৰু ক’তো কি কৰিব পাৰো ঘৰৰ ভিতৰত।তাৰ উপৰি আমাৰ খাদ্যৰ ভাগতো কিছুমান বদ অভ্যাস আছে।কিছুমান মানুহে মদ খাই, মদ নহ’লে থাকিব নোৱাৰে।তেওঁলোকৰ এই কেইদিন মদ খাব নোপোৱাটো এটা সুবিধা হৈছে স্বাস্থ্যৰ পক্ষে।মদ নোখোৱাৰ ফলত তেঁও এজন বেলেগ মানুহ হৈ পৰিব নহয়।পৰিয়ালৰ মুখত সুখৰ হাঁহি বিয়পিব।কিছুমান মানুহে যেনিবা মদ নাখায় কিন্তু খোৱাৰ প্ৰতি লোভ বেছি।সদায় মাংস খাই, rich খাদ্য খাই তাৰ ফলত স্বাস্থ্য নষ্ট কৰে কিন্তু গৃহবন্দীৰ পৰা আমি বুজি পালোঁ যে আমি আমাৰ খাদ্যৰ তালিকা সলনি কৰি স্বাস্থ্যৰ যতন ল’ব পাৰোঁ আৰু এয়া হ’ল ইতিবাচক চিন্তা।

তৃতীয় ইতিবাচক কথা
——————————-

ইতিবাচক চিন্তাৰে চাবলৈ গ’লে তেনেকুৱা বহু কথা দেখা পোৱা যায়।আমাৰ ঘৰতে বহু ভাল কিতাপ আছে কিন্তু সেইবোৰ পঢ়িব আমি সময়ে নেপাওঁ।এতিয়া আমি সময় পাইছোঁ আৰু সেই কিতাপ সমূহ পঢ়ি মনবোৰ পৰিপুষ্ট কৰিব পাৰোঁ।দ্বিতীয় কথা হৈছে আমি যেনিবা এগৰাকী সৃষ্টিশীল মানুহ তেওঁ গল্প বা উপন্যাস লিখি ভাল পায় তথাপি সময়ৰ অভাৱত তেওঁ লিখিব নোৱাৰে কিন্তু এতিয়া গৃহবন্দীৰ সময়ত তেওঁৰ যিটো সৃষ্টিশীল তাগিদা সেইটো পূৰণ কৰিব ভাল উপযুক্ত সময় হৈছে।কোনোবা যেনেকৈ সংগীত ভাল পায় তেওঁলোকে যেনিবা সংগীতৰ নতুন নতুন সুৰ দিয়া সুবিধা পাইছে।কোনোবাই যদি ভাল চিত্রকৰ তেওঁৰ হাতৰ তুলিকাৰ পৰশ পাই চিত্ৰ বেছি পুৰঠ হৈছে ।
সেইকাৰণে আমাৰ নিজৰ নিজৰ যিখিনি প্ৰতিভা সেইখিনি বিকাশ কৰাত এই গৃহবন্দী সময়চোৱাই সুবিধা দিছে।সেয়ে অসুবিধাৰ পৰা সুবিধা অৰ্জন কৰিব পৰাটোৱে ইতিবাচক চিন্তা।

মনীষা শৰ্মা
ঠিকনা-জালুকবাৰী(গুৱাহাটী)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *