…..প্ৰাণেশ্বৰ শৰ্মা…..
সাহিত্যৰ পথাৰখনত কৰ্ষণৰ জৰিয়তে বহুতেই নানা ফচল উৎপাদন কৰি আনকো খুৱাইছে, নিজেও ধন্য হৈছে।বহুলোকে এই ক্ষেত্ৰখনিৰ জৰিয়তে ভাষা সাহিত্যৰ ভড়াল চহকী কৰি সমাদৰ, খ্যাতি বুটলিবলৈ সক্ষম হৈছে।
এই ক্ষেত্ৰখনিত সকলোৱে সমানে মনোনিবেশ নকৰে বা কৰিব নোৱাৰে।কিছুমানে ইয়াক সাধনা হিচাপে গ্ৰহণ কৰে , আকৌ কিছুমানে অংশকালিন হিচাপে লয়।
সাহিত্যৰ চৰ্চা কৰা লোকসকলে নিজৰ সৃষ্টিসমূহৰ প্ৰকাশিত ৰূপ দিয়ে বা দিবলৈ বিচাৰে।বা সাহিত্য আলোচনাত মৌখিকভাৱে পাঠ কৰি ৰসাস্বাদন দিয়ে।আজিকালি বহুতে ফেচবুক বা অন্য সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।
মোৰ মূল বক্তব্যখিনি কব খুজিছোঁ এতিয়াহে।
এচাম লোক আছে, যিসকলে সংগোপনে সাহিত্যৰ চৰ্চা কৰে, কিন্তু বিভিন্ন কাৰণত সেইবোৰ নিজৰ মাজতে লুকুৱাই ৰাখে।
এইটো চামৰ সংখ্যা কিন্তু কোনো গুণে কম নহয়।আপুনি–মই আৰু বহুতো আছে এইচামৰ মাজত।
এইটো চামত স্কুল কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ পৰা আশী বছৰীয়া বৃদ্ধলৈকে আছে।এম্ ই ফেল কৰি এৰা লোকৰ পৰা উচ্চ দিগ্ৰিধাৰী লোকলৈকে আছে।
এই সকলে কৰে কি–(এইসকল বুলি কওতে আমি নিজেও আছো দেই)
কিবা লিখি চিধা তুলি বা গাৰুৰ তলত সংস্থাপিত কৰে।সেয়া তাতেই পৰি থাকে লোকচক্ষুৰ আৰত।
এইটো কৰাৰ কাৰণ হ’ল লজ্জা, হীনমন্যতা আৰু প্ৰকাশ বা প্ৰচাৰৰ প্ৰতি অনিচ্ছা।
তুলিৰ তলৰ সাহিত্য সম্ভাৰত সাধাৰণতে বেচিকৈ থাকে –কবিতা।তাৰ পিছতে ছুটি গল্প আৰু অন্যান্য থাকে অতি কমকৈ।
এতিয়া কথা হ’ল, তুলিৰ তলৰ এই সাহিত্য সম্ভাৰ যদি আমি উদ্ধাৰ কৰিব পাৰো বা কোনোবাই নিজে বাহিৰ কৰি দিয়ে, তেনেহলে দেখা যাব যে তাতেও লুকাই আছে –ঐশ্চৰ্যৰ বিপুল সম্ভাৰ।
বহুতো সাহিত্য চক্ৰত দেখা যায়, অংশগ্ৰহণকাৰীৰ সংখ্যা অতি নগন্য।কিবাকৈ বিশজনমান হলেই বহুত হোৱা যেন হয়।কিবা পাঠ কৰিবলগীয়া হোৱাৰ ভয়ত বহুত মানুহ নাযায়।যোৱা কেইজনেই নিজৰ লেখাৰ পাঠক আৰু আনৰ লেখাৰ শ্ৰোতা।
এই পৰিবেশটো আতৰাব পাৰে তুলিৰ তলৰ সাহিত্যই।কিন্তু তাৰ বাবে আমি ত্যাগ কৰিব লাগিব লজ্জা আৰু হীনমন্যতা।নিজৰ সন্তানক যেনেকৈ আমি নিজে ভাল দেখো, তেনেদৰে নিজৰ সৃষ্টিকো নিজে ভাল দেখিব লাগিব, তেতিয়াহে হীনমন্যতাবোধ আতৰিব।আনহাতে, সঞ্চিত ধন অকলে ভোগ নকৰি আনকো বিলোৱা দৰকাৰ।তেতিয়াহে সঞ্চয়ৰ উদ্দেশ্য সফলকাম হয়।তেনেদৰে, আমাৰ সৃষ্টিসমূহকো তুলিৰ তলত থৈ নিদি ৰসগ্ৰাহীৰ মাজত বিতৰণ কৰা উচিত।
মই নিজে স্কুল কলেজত পঢ়া দিনত মোৰ গাৰুৰ তল ডাঠ কৰিছিলো।এতিয়া অযত্নত সেইবোৰ হেৰাল, নষ্ট হ’ল।সেইবোৰৰ সুব্যৱস্থা কৰি থলে এতিয়া অন্ততঃ নিজেই চাব পাৰিলো হেতেন।
সাহিত্যৰ ক্ষেত্ৰখনিত কেৱল যে উন্নতমানৰ, ভাৱগধুৰ উপাদানেই থাকিব লাগিব এনে নহয়।
হোমেন বৰগোহাঞি দেৱে কৈছে—কিতাপৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়িবলৈ হলে যথেষ্ট পৰিমাণে তৰল সাহিত্যৰো দৰকাৰ।
গতিকে আমি নিজে বা আনে তৰল বুলি ভবা সৃষ্টিসমূহৰো নিশ্চয় সামান্যহলেও প্ৰয়োজন বা গুৰুত্ব নিশ্চয় থাকিব।
তুলিৰ তলৰ সাহিত্য উলিয়াই অনাত ফেচবুকে অৱশ্যে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।