…..ডাঃ আজিমুদ্দিন আহমেদ…..
নাযাবি ও জালুকবাৰীলৈ
মাথোন দুখিলা প্ৰহসনৰ মায়াত
সান্ধ্য আইন নাই আজি তথাপিও
পদে আঘাট পোৱাৰ আশংকা
মোৰ ল’ৰালিৰ শপত গভীৰতাৰ
ছাদৰ ওপৰৰে বান্দৰজাকে জোকাব
বৰকৈ হাঁহিব, বৰ নিলাজ সিহঁত তই লাজ পাবি !
জাননে ? সিহঁতবোৰে তোক নজৰ কৰিব
প্ৰয়োজনত তোৰ গোপনতা হৰণ কৰিবলৈ
বৰ সাংঘাটিক সিহঁত জোকৰ দৰে তেজ পিবলৈ
আৰু জাননে ? বাটৰুৱা বোৰে জুমিব
প্ৰায়েই তোৰ সৌন্দৰ্য্য ম্লান কৰিবলৈ
জানো উভতি চাবি সিহতলৈ
সোনাৰু কৃষ্ণচূড়া ফুলিলে তই সংযত হ’বি
ন’হলে সিহতৰ গোন্ধে তোক উন্মাদ কৰিব
সকলো হেৰুৱাবলৈ বাধ্য কৰিব
আৰু শুনিছোঁ জালুকবাৰী হেনো আত্মঘাটী
মৰিবলৈ দূকোলা সাহস জালুকবাৰীৰ
তই জানো ৰক্ষা কৰিবি মন গভীৰতা
তেতিয়া তোৰ সাত্ত্বিকতা মনত পেলাবি।
আমাৰ সপোনবোৰ হেৰুৱাই নেপেলাবি ঔ
আপোন পথাৰখন মনত পেলাবি খিৰিকীৰ ফাকেৰে
যেতিয়াই ভাগৰ বিষাদে দহে
বৰষুণৰ টোপাল গভীৰ হৈ মাতাল হ’লে
তোৰ বিপদসীমা জ্বলমগ্ন হ’লে
সংকিৰ্ণতাই চৌপাশ আৱিষ্কাৰ কৰিলেও হেৰাই নাযাবি