“আহিবানে আকৌ এবাৰ”

……✍️ডাঃ আজিমুদ্দিন আহমেদ…..

আহিবানে আকৌ এবাৰ
দিবানে সঁহাৰি হিয়াৰ
জীৱনৰ থৌকি বাথৌ
বিৰহত মনৰ কপৌ
পুৰণি দিনৰে কথা
ক’লে আকুল বেথা
জীৱনৰ এয়াই মায়া
ভাবিলে আপোন পাহৰা
সপোনে হহুৱাই সদায়
দিঠকে কন্দুৱাই ঘণাই
হৃদয়ে ৰিঙিয়াই সঁচাই
দিন নাযায় নুপুৱাই
হেপাঁহৰ সোনোৱালি
সেতেলিৰ বাখৰ কলি
দিবানে সঁহাৰি আহি
চতিয়াই মৰম এপাহি
মৰীচিকা খেদি খেদি
জীয়াই আছো আজি
মৰমৰ ৰঙীন ছবি
উকা উকা আঁকি ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *