……ডাঃ আজিমুদ্দিন আহমেদ…..
সেই বাটেৰেই আহিবি তই
যি বাট মোৰ ৰণভূমিৰ
তোৰ চিনাকী পৃথিৱীৰ সপোন
বা-মাৰলী অথচ ধূলিকণা হৈ
ৰঙালী বহাগৰ নাচনীৰ লহৰত ।
তই আহিবি এখোজ
আমাৰ পৃথিৱীলৈ
নহ’লে দাইনীজনীৰ গতিৰে
ডাল পাতবোৰৰ সৈতে খেলিবলৈ ।
পিছে এটি কথা ৰাখিবি
তই আপোন পঁজাবোৰৰ চিনাকী
ক’তো নজৰ নকৰিবি , নাভাগিবি ।
জানো তই বোলে এইবাৰ যৌৱনা
শিলাবৃষ্টিৰ সতে প্ৰেমাস্পদ !
তই সৈমান কৰিবি তাক ।
ময়ো অপেক্ষাৰত
তোৰ সৈতে ককাল ভাঙিবলৈ
ধোলটি বাবলৈ
তোক পাবলৈ এখন্তেক
সৰি পৰা ফুলপাহি বুটলি
তোৰ অগাধ ভালপোৱাৰে !